ছূৰা 4 · জুজ 5

An-Nisa · 4:113

وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكَ وَرَحْمَتُهُ لَهَمَّتْ طَائِفَةٌ مِنْهُمْ أَنْ يُضِلُّوكَ وَمَا يُضِلُّونَ إِلَّا أَنْفُسَهُمْ ۖ وَمَا يَضُرُّونَكَ مِنْ شَيْءٍ ۚ وَأَنْزَلَ اللَّهُ عَلَيْكَ الْكِتَابَ وَالْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُنْ تَعْلَمُ ۚ وَكَانَ فَضْلُ اللَّهِ عَلَيْكَ عَظِيمًا

আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলেহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।

তাফছীৰ

হে ৰাছুল! যদি আল্লাহে আপোনাক নিজ অনুগ্ৰহৰ দ্বাৰা নবচালেহেঁতেন তেন্তে নিজৰ প্ৰতি বিশ্বাসঘাতকতা কৰা এটা দলে আপোনাক সত্যৰ পৰা দূৰ কৰাৰ নিৰ্ণয় কৰিয়ে পেলাইছিল, যাতে আপুনি ফয়চালা কৰাৰ সময়ত ন্যায় ফয়চালা কৰিব নোৱাৰে। প্ৰকৃততে সিহঁতে নিজকে পথভ্ৰষ্ট কৰি আছে। কিয়নো সিহঁতৰ এই পথভ্ৰষ্ট কৰাৰ প্ৰয়াসৰ পৰিণাম সিহঁত নিজেই ভোগ কৰিব লাগিব। যিহেতু আল্লাহে আপোনাক সুৰক্ষা প্ৰদান কৰিছে, গতিকে সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আল্লাহে আপোনাৰ ওপৰত কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে লগতে হিদায়ত আৰু নুৰৰ এনেকুৱা জ্ঞান প্ৰদান কৰিছে যিটো পূৰ্বে আপোনাৰ ওচৰত নাছিল। দৰাচলতে আল্লাহে নবুওৱত আৰু সংৰক্ষণৰ জৰিয়তে আপোনাৰ প্ৰতি বৰ ডাঙৰ অনুগ্ৰহ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক