ছূৰা 4 · জুজ 5
An-Nisa · 4:111
وَمَنْ يَكْسِبْ إِثْمًا فَإِنَّمَا يَكْسِبُهُ عَلَىٰ نَفْسِهِ ۚ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا
আৰু কোনোবাই পাপ কৰিলে প্ৰকৃততে সি সেইটো নিজৰ ক্ষতিৰ বাবেই কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
যিয়ে কোনো গুনাহ কৰিব, সৰু হওঁক বা ডাঙৰ, তাৰ শাস্তি সি নিজেই ভোগ কৰিব লাগিব, আন কোনোবাই নহয়। অৱশ্যে আল্লাহ বান্দাসকলৰ আমল সম্পৰ্কে সৰ্বজ্ঞ। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক