ছূৰা 4 · জুজ 5
An-Nisa · 4:110
وَمَنْ يَعْمَلْ سُوءًا أَوْ يَظْلِمْ نَفْسَهُ ثُمَّ يَسْتَغْفِرِ اللَّهَ يَجِدِ اللَّهَ غَفُورًا رَحِيمًا
আৰু কোনোবাই বেয়া কাম কৰিলে অথবা নিজৰ ওপৰত অন্যায় কৰিলে তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আল্লাহক সি ক্ষমাশীল, পৰম দয়ালু পাব।
তাফছীৰ
যিয়ে অসৎ কৰ্ম কৰিব অথবা গুনাহত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰিব। তাৰ পিছত যিয়ে নিজৰ গুনাহ স্বীকাৰ কৰি অনুতপ্ত হৈ গুনাহৰ পৰা দূৰৈত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব। সি নিশ্চয় আল্লাহক তাৰ গুনাহ ক্ষমাকাৰী হিচাপে আৰু তাৰ প্ৰতি দয়াৱান হিচাপে পাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক