ছূৰা 4 · জুজ 5

An-Nisa · 4:109

هَا أَنْتُمْ هَٰؤُلَاءِ جَادَلْتُمْ عَنْهُمْ فِي الْحَيَاةِ الدُّنْيَا فَمَنْ يُجَادِلُ اللَّهَ عَنْهُمْ يَوْمَ الْقِيَامَةِ أَمْ مَنْ يَكُونُ عَلَيْهِمْ وَكِيلًا

চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু কিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক?

তাফছীৰ

হে অপৰাধীসকলৰ শুভাকাংক্ষী সকল! এই পাৰ্থিৱ জীৱনত তোমালোকে ইহঁতক নিৰপৰাধ প্ৰমাণ কৰিবলৈ আৰু শাস্তিৰ পৰা বচাবলৈ যিমান পাৰা চেষ্টা কৰিলা কিন্তু কিয়ামতৰ দিনা ইহঁতৰ ফালৰ পৰা আল্লাহৰ লগত কোনে বাদানুবাদ কৰিব, যেতিয়া ইহঁতৰ প্ৰকৃত চৰিত্ৰ ওলাই পৰিব? সেইদিনা ইহঁতৰ প্ৰতিনিধি কোন হব? ইয়াত কোনো সন্দেহ নাই যে, এইটো কোনেও কৰিব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক