ছূৰা 4 · জুজ 5
An-Nisa · 4:108
يَسْتَخْفُونَ مِنَ النَّاسِ وَلَا يَسْتَخْفُونَ مِنَ اللَّهِ وَهُوَ مَعَهُمْ إِذْ يُبَيِّتُونَ مَا لَا يَرْضَىٰ مِنَ الْقَوْلِ ۚ وَكَانَ اللَّهُ بِمَا يَعْمَلُونَ مُحِيطًا
সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, যদিও তেওঁ সিহঁতৰ লগতেই আছে যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।
তাফছীৰ
সিহঁতে ভয় আৰু লাজৰ কাৰণে মানুহৰ অন্তৰালত গুনাহ কৰে, কিন্তু আল্লাহৰ পৰা গোপন নকৰে। অথচ আল্লাহে নিজ জ্ঞানেৰে সিহঁতক পৰিবেষ্টন কৰি আছে। সিহঁতৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়, লগতে ৰাতিৰ অন্ধকাৰত সিহঁতে গোপনে কৰা চক্ৰান্তও তেওঁৰ পৰা গোপন নহয় যিটোক আল্লাহে পছন্দ কৰে। যেনে- পাপিষ্ঠ ব্যক্তিৰ পক্ষ লোৱা আৰু নিৰ্দোষী ব্যক্তিক দোষাৰোপ কৰা আদি। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত। তেওঁৰ পৰা একো গোপন নহয় আৰু তেওঁ মানুহক সিহঁতৰ আমলৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক