ছূৰা 4 · জুজ 5
An-Nisa · 4:107
وَلَا تُجَادِلْ عَنِ الَّذِينَ يَخْتَانُونَ أَنْفُسَهُمْ ۚ إِنَّ اللَّهَ لَا يُحِبُّ مَنْ كَانَ خَوَّانًا أَثِيمًا
আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভঙ্গকাৰী পাপীক পছন্দ নকৰে।
তাফছীৰ
কোনো এনেকুৱা ব্যক্তিৰ পক্ষ নলব, যিয়ে বিশ্বাসঘাতকতা কৰে আৰু নিজৰ বিশ্বাসঘাতকতা গোপন কৰাৰ বাবে সৰ্বতো প্ৰকাৰ প্ৰয়াস কৰে। আল্লাহে এনেকুৱা অত্যধিক বিশ্বাসঘাতকতা কৰা তথা পাপ কাম কৰা ব্যক্তিক পছন্দ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক