ছূৰা 4 · জুজ 5

An-Nisa · 4:101

وَإِذَا ضَرَبْتُمْ فِي الْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَقْصُرُوا مِنَ الصَّلَاةِ إِنْ خِفْتُمْ أَنْ يَفْتِنَكُمُ الَّذِينَ كَفَرُوا ۚ إِنَّ الْكَافِرِينَ كَانُوا لَكُمْ عَدُوًّا مُبِينًا

আৰু তোমালোকে যেতিয়া দেশ-বিদেশত ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।

তাফছীৰ

যেতিয়া তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা তেতিয়া যদি কাফিৰসকলৰ ফালৰ পৰা কোনো কষ্ট পোৱাৰ ভয় থাকে তেন্তে চাৰি ৰাকাআত বিশিষ্ট ছালাতসমূহ দুই ৰাকাতকৈ আদায় কৰাত তোমালোকৰ কোনো গুনাহ নহয়। নিশ্চয় তোমালোকৰ লগত কাফিৰসকলৰ শত্ৰুতা স্পষ্ট প্ৰকাশ্য। আনহাতে শান্তি বিৰাজ কৰা অৱস্থাতো ভ্ৰমণ কালত ছালাত কচৰ কৰাৰ বিষয়টো ছহীহ ছুন্নাহৰ দ্বাৰা প্ৰমাণিত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক