ছূৰা 4 · জুজ 5

An-Nisa · 4:100

۞ وَمَنْ يُهَاجِرْ فِي سَبِيلِ اللَّهِ يَجِدْ فِي الْأَرْضِ مُرَاغَمًا كَثِيرًا وَسَعَةً ۚ وَمَنْ يَخْرُجْ مِنْ بَيْتِهِ مُهَاجِرًا إِلَى اللَّهِ وَرَسُولِهِ ثُمَّ يُدْرِكْهُ الْمَوْتُ فَقَدْ وَقَعَ أَجْرُهُ عَلَى اللَّهِ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا

আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব সি পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিলে তাৰ পুৰষ্কাৰৰ দায়িত্ব আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

যিয়ে কুফৰী নগৰৰ পৰা ইছলামী নগৰৰ পিনে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে হিজৰত কৰিব, সি অৱস্থান কৰাৰ বাবে নতুন স্থান পাব, যত সি সন্মান আৰু প্ৰচুৰ পৰিমাণে জীৱিকা লাভ কৰিব। যিয়ে নিজ ঘৰৰ পৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰাৰ উদ্দেশ্যে ওলাই গল, কিন্তু লক্ষ্যস্থান পোৱাৰ আগতে তাৰ মৃত্যু হল, এনে ক্ষেত্ৰত আল্লাহৰ ওচৰত তাৰ ছোৱাব নিশ্চিত। যদিও সি লক্ষ্যস্থান পোৱা নাই তথাপিও কোনো অসুবিধা নাই। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক