ছূৰা 4 · জুজ 5
An-Nisa · 4:102
وَإِذَا كُنْتَ فِيهِمْ فَأَقَمْتَ لَهُمُ الصَّلَاةَ فَلْتَقُمْ طَائِفَةٌ مِنْهُمْ مَعَكَ وَلْيَأْخُذُوا أَسْلِحَتَهُمْ فَإِذَا سَجَدُوا فَلْيَكُونُوا مِنْ وَرَائِكُمْ وَلْتَأْتِ طَائِفَةٌ أُخْرَىٰ لَمْ يُصَلُّوا فَلْيُصَلُّوا مَعَكَ وَلْيَأْخُذُوا حِذْرَهُمْ وَأَسْلِحَتَهُمْ ۗ وَدَّ الَّذِينَ كَفَرُوا لَوْ تَغْفُلُونَ عَنْ أَسْلِحَتِكُمْ وَأَمْتِعَتِكُمْ فَيَمِيلُونَ عَلَيْكُمْ مَيْلَةً وَاحِدَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ إِنْ كَانَ بِكُمْ أَذًى مِنْ مَطَرٍ أَوْ كُنْتُمْ مَرْضَىٰ أَنْ تَضَعُوا أَسْلِحَتَكُمْ ۖ وَخُذُوا حِذْرَكُمْ ۗ إِنَّ اللَّهَ أَعَدَّ لِلْكَافِرِينَ عَذَابًا مُهِينًا
আৰু তুমি যেতিয়া সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল তোমাৰ সৈতে থিয় হোৱা উচিত আৰু সিহঁতে যেন সশস্ত্ৰ থাকে। সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাই সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।
তাফছীৰ
হে ৰাছুল! শত্ৰুৰ লগত যুদ্ধৰ সময়ত যেতিয়া আপুনি সৈনিকৰ লগত থাকে তেতিয়া তেওঁলোকক ছালাত পঢ়াবলৈ হলে তেওঁলোকক দুটা ভাগত বিভক্ত কৰিব। তেওঁলোকৰ এটা দলে আপোনাৰ লগত ছালাত আদায় কৰিব আৰু ছালাত অৱস্থাতো যাতে তেওঁলোক অস্ত্ৰ লগত ৰাখে। আৰু আনটো দলে যাতে পহৰা দিয়ে। যেতিয়া প্ৰথম দলে ইমামৰ লগত এক ৰাকাআত পঢ়ি লব, তাৰ পিছত বাকী থকা ৰাকাআত নিজে নিজেই সম্পন্ন কৰিব। তেওঁলোকৰ ছালাত আদায় সম্পন্ন হলে, তেওঁলোকে শত্ৰুৰ পিনে আহি পহৰাত থিয় দিব। আনহাতে পহৰাত থকা আগৰ দলটোৱে আহি এতিয়া ইমামৰ লগত এক ৰাকাআত পঢ়ি লব। ইমামে ছালাম ফিৰোৱাৰ পিছত তেওঁলোকে বাকী থকা ৰাকাআত সম্পন্ন কৰিব আৰু শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰি নিজৰ লগত অস্ত্ৰ ৰাখিব। কাফিৰসকলে বিচাৰে যে, তোমালোকে ছালাতৰ সময়ত নিজৰ অস্ত্ৰ আৰু বয়-বস্তুৰ পৰা অমনোযোগী হোৱাৰ লগে লগে সিহঁতে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰিব আৰু এই অমনোযোগী অৱস্থাতেই তোমালোকক গ্ৰেপ্তাৰ কৰিব। কিন্তু যদি বৰষুণৰ বাবে তোমালোকৰ কষ্ট হয় অথবা অসুস্থ অৱস্থাত থাকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থোৱাত কোনো গুনাহ নহয়। কিন্তু সক্ষম অনুযায়ী শত্ৰুৰ পৰা সতৰ্ক থাকিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে যন্ত্ৰণাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক