ছূৰা 39 · জুজ 23

Az-Zumar · 39:9

أَمَّنْ هُوَ قَانِتٌ آنَاءَ اللَّيْلِ سَاجِدًا وَقَائِمًا يَحْذَرُ الْآخِرَةَ وَيَرْجُو رَحْمَةَ رَبِّهِ ۗ قُلْ هَلْ يَسْتَوِي الَّذِينَ يَعْلَمُونَ وَالَّذِينَ لَا يَعْلَمُونَ ۗ إِنَّمَا يَتَذَكَّرُ أُولُو الْأَلْبَابِ

যি ব্যক্তি ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (তেওঁ তাৰ দৰেনে যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তি সম্পন্ন ব্যক্তি সকলেহে উপদেশ গ্ৰহণ কৰে।

তাফছীৰ

উত্তম ব্যক্তি কোন, যিয়ে আল্লাহৰ আনুগত্য কৰে, ৰাতিৰ ভাগত নিজ প্ৰতিপালকৰ সন্মুখত ছাজদাৱনত হৈ তথা থিয় হৈ ৰাতি যাপন কৰে, আখিৰাতৰ শাস্তিক ভয় কৰে, নিজ প্ৰতিপালকৰ ৰহমত কামনা কৰে সেই ব্যক্তি উত্তম, নে সেই কাফিৰ ব্যক্তি উত্তম, যিয়ে কেৱল বিপদগ্ৰস্ত হ’লে আল্লাহৰ ইবাদত কৰে আৰু সুখ-শান্তিৰ সময়ত তেওঁৰ লগত কুফৰী কৰে, লগতে আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰে?! হে ৰাছুল! আপুনি কওক, যিয়ে আল্লাহ সম্পৰ্কে অৱগত হোৱাৰ কাৰণে আল্লাহে অনিবাৰ্য কৰা বিষয়বোৰ জানে, পক্ষান্তৰে যিসকলে এইবোৰ নাজানে, এই দুয়ো ধৰণৰ ব্যক্তি সমান হ’ব পাৰেনে? এই দুয়ো দলৰ মাজত পাৰ্থক্য কেৱল সেইসকল লোকেই কৰিব পাৰে যিসকলৰ ওচৰত স্বচ্ছ বিবেক আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক