ছূৰা 39 · জুজ 23
Az-Zumar · 39:10
قُلْ يَا عِبَادِ الَّذِينَ آمَنُوا اتَّقُوا رَبَّكُمْ ۚ لِلَّذِينَ أَحْسَنُوا فِي هَٰذِهِ الدُّنْيَا حَسَنَةٌ ۗ وَأَرْضُ اللَّهِ وَاسِعَةٌ ۗ إِنَّمَا يُوَفَّى الصَّابِرُونَ أَجْرَهُمْ بِغَيْرِ حِسَابٍ
জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, কেৱল ধৈৰ্যশীলসকলকেই তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।
তাফছীৰ
হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায়, সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয়তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত, এতেকে ইয়াৰ মাজত এনেকুৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভৱ নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক