ছূৰা 39 · জুজ 23

Az-Zumar · 39:8

۞ وَإِذَا مَسَّ الْإِنْسَانَ ضُرٌّ دَعَا رَبَّهُ مُنِيبًا إِلَيْهِ ثُمَّ إِذَا خَوَّلَهُ نِعْمَةً مِنْهُ نَسِيَ مَا كَانَ يَدْعُو إِلَيْهِ مِنْ قَبْلُ وَجَعَلَ لِلَّهِ أَنْدَادًا لِيُضِلَّ عَنْ سَبِيلِهِ ۚ قُلْ تَمَتَّعْ بِكُفْرِكَ قَلِيلًا ۖ إِنَّكَ مِنْ أَصْحَابِ النَّارِ

আৰু মানুহক যেতিয়া দুঃখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে ইতিপূৰ্বে কি কাৰণত সি তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু সি আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ধৰে, আনক তেওঁৰ পথৰ পৰা বিভ্ৰান্ত কৰাৰ বাবে। কোৱা, ‘কুফৰীৰ জীৱন তুমি কিছুকাল উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।

তাফছীৰ

কাফিৰক যেতিয়া কোনো বিপদ-আপদে স্পৰ্শ কৰে, যেনেঃ বেমাৰ-আজাৰ, আৰ্থিক ক্ষতি অথবা ডুবি যোৱাৰ ভয় আদিয়ে স্পৰ্শ কৰে তেতিয়া একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে আৰু তেওঁৰ ওচৰতেই বিপদ দূৰীকৰণৰ বাবে দুআ কৰে। ইয়াৰ পিছত আল্লাহে যেতিয়া তাক কোনো নিয়ামত প্ৰদান কৰে, যেনেঃ সি আবদ্ধ হোৱা বিপদৰ পৰা তাক ৰক্ষা কৰে, তেতিয়া সি আকৌ আল্লাহক পাহৰি যায় তথা আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰৰ উপাসনা কৰা আৰম্ভ কৰে, যাতে আন আন লোকসকলক আল্লাহৰ পথৰ পৰা আঁতৰাই ৰাখিব পাৰে। হে ৰাছুল! আপুনি এনেকুৱা স্বভাৱৰ লোকসকলক কৈ দিয়ক, তোমালোকে জীৱনৰ বাকী থকা অতি নগন্য সময়খিনি নিজৰ কুফৰী কৰ্ম উপভোগ কৰা। কিয়নো তোমালোক হৈছা জাহান্নামৰ অধিবাসী। কিয়ামতৰ দিনা তোমালোকে জাহান্নামত ওচৰা-ওচৰিকৈ থাকিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক