ছূৰা 39 · জুজ 24

Az-Zumar · 39:68

وَنُفِخَ فِي الصُّورِ فَصَعِقَ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ إِلَّا مَنْ شَاءَ اللَّهُ ۖ ثُمَّ نُفِخَ فِيهِ أُخْرَىٰ فَإِذَا هُمْ قِيَامٌ يَنْظُرُونَ

আৰু শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তি সকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।

তাফছীৰ

শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যিদিনা শিঙাত ফুঁ দিব, সেইদিনা আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো প্ৰাণীয়ে মৃত্যুবৰণ কৰিব, কেৱল সেইসকলৰ বাহিৰে যিসকলক আল্লাহে মৃত্যু দিব নিবিচাৰিব। ইয়াৰ পিছত ফিৰিস্তাই সকলো প্ৰাণীকে জীৱিত কৰিবলৈ দ্বিতীয় ফুঁ দিব। তেতিয়া সকলো প্ৰাণী জীৱিত হৈ থিয় হ’ব আৰু প্ৰত্যক্ষ কৰিব আল্লাহে সিহঁতৰ বাবে কি ব্যৱস্থা লয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক