ছূৰা 39 · জুজ 24

Az-Zumar · 39:67

وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ وَالْأَرْضُ جَمِيعًا قَبْضَتُهُ يَوْمَ الْقِيَامَةِ وَالسَّمَاوَاتُ مَطْوِيَّاتٌ بِيَمِينِهِ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ

আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, সিহঁতে যিবোৰক অংশীস্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।

তাফছীৰ

আল্লাহক যিদৰে সন্মান কৰা উচিত, মুশ্বৰিকসকলে সেইদৰে সন্মান কৰা নাই। কাৰণ সিহঁতে তেওঁৰ দুৰ্বল সৃষ্টিবোৰকো তেওঁৰ অংশী স্থাপন কৰি লৈছে। আনহাতে আল্লাহৰ মহান ক্ষমতাৰ নিদৰ্শনবোৰক আওকাণ কৰিছে, অথচ তেওঁৰ ক্ষমতাৰ এটা প্ৰমাণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা বিশাল পৰ্বতসমূহ, নদ-নদী আৰু সাগৰ-মহাসাগৰসমূহ থকা সত্তেও এই পৃথিৱীক নিজৰ হাতৰ মুঠিত লব। আনহাতে সাতখন আকাশক তেওঁ নিজৰ সোঁহাতত মেৰিয়াই লব। তেওঁ মহা পৱিত্ৰ তথা সুউচ্চ সেই সকলো বিষয়ৰ পৰা যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক