ছূৰা 39 · জুজ 24
Az-Zumar · 39:69
وَأَشْرَقَتِ الْأَرْضُ بِنُورِ رَبِّهَا وَوُضِعَ الْكِتَابُ وَجِيءَ بِالنَّبِيِّينَ وَالشُّهَدَاءِ وَقُضِيَ بَيْنَهُمْ بِالْحَقِّ وَهُمْ لَا يُظْلَمُونَ
আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।
তাফছীৰ
যেতিয়া সৰ্বশক্তিমান পৱিত্ৰ আল্লাহ তেওঁৰ বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ দেখা দিব, তেতিয়া তেওঁৰ নূৰৰ দ্বাৰা পৃথিৱী আলোকিত হৈ পৰিব। সেইদিনা মানুহৰ কৰ্মফল (আমলনামা) উপস্থাপন কৰা হ’ব। আনহাতে নবীসকলক উপস্থিত কৰা হ’ব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক নবীসকলৰ সপক্ষে তথা তেওঁলোকৰ জাতিৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত কৰা হ’ব। আল্লাহে সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সেইদিনা কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কোনো মানুহৰেই গুনাহ বৃদ্ধি কৰা নহ’ব আৰু কোনো ব্যক্তিৰেই ছোৱাব হ্ৰাস কৰা নহ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক