ছূৰা 36 · জুজ 23

Ya-Sin · 36:79

قُلْ يُحْيِيهَا الَّذِي أَنْشَأَهَا أَوَّلَ مَرَّةٍ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ

কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।

তাফছীৰ

হে মুহাম্মদ! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, এই গেলি পচি যোৱা হাড়বোৰক তেৱেঁই জীৱিত কৰিব, যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছিল। যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ পুনৰ জীৱিত কৰাত কেতিয়াও অপাৰগ নহয়। সেই পৱিত্ৰ সত্ত্বা, প্ৰত্যেক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক