ছূৰা 36 · জুজ 23
Ya-Sin · 36:80
الَّذِي جَعَلَ لَكُمْ مِنَ الشَّجَرِ الْأَخْضَرِ نَارًا فَإِذَا أَنْتُمْ مِنْهُ تُوقِدُونَ
তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।
তাফছীৰ
হে মানৱজাতি! যি সত্ত্বাই তোমালোকৰ বাবে সেউজীয়া সতেজ গছৰ পৰা জুই সৃষ্টি কৰে। যিবোৰক তোমালোকে জুই সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা আৰু জুই জ্বলোৱা। এতেকে যি সত্ত্বাই দুটা বিপৰীত ধৰ্মীয় বস্তুক একত্ৰিত কৰিব পাৰে (অৰ্থাৎ সেউজীয়া গছৰ পানীয়ৰ মাজত জুইৰ অস্তিত্ব ৰাখিব পাৰে) তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ সক্ষম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক