ছূৰা 36 · জুজ 23

Ya-Sin · 36:78

وَضَرَبَ لَنَا مَثَلًا وَنَسِيَ خَلْقَهُ ۖ قَالَ مَنْ يُحْيِي الْعِظَامَ وَهِيَ رَمِيمٌ

আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?

তাফছীৰ

অমনোযোগী তথা অজ্ঞ এই কাফিৰে গেলি-পচি যোৱা হাড়ৰ পৰা পুনৰ জীৱন সম্ভৱ নহয় বুলি ফিতাহি মাৰি কয়ঃ এইবোৰ হাড়ক কোনে জীৱন দান কৰিব? অথচ সি নিজৰ সৃষ্টি সম্পৰ্কেই পাহৰি গৈছে, এটা সময়ত সি একোৱেই নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক