ছূৰা 36 · জুজ 23
Ya-Sin · 36:77
أَوَلَمْ يَرَ الْإِنْسَانُ أَنَّا خَلَقْنَاهُ مِنْ نُطْفَةٍ فَإِذَا هُوَ خَصِيمٌ مُبِينٌ
মানুহে লক্ষ্য কৰা নাইনে যে, আমি তাক সৃষ্টি কৰিছো শুক্ৰবিন্দুৰ পৰা, অথচ পিছত সি প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।
তাফছীৰ
আখাৰিতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তিয়ে এই কথা চিন্তা নকৰে নেকি যে, আমি তাক বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। কেইবাটাও পৰ্যায় পাৰ কৰাৰ পিছত সি ভূমিষ্ঠ হৈছে আৰু ডাঙৰ দীঘল হৈছে। অৱশেষত সি বিতণ্ডাকাৰী আৰু কলহপ্ৰিয় হৈ পৰিছে। সি এইবোৰ লক্ষ্য নকৰে নেকি, তেতিয়াহে সি আখিৰাতৰ পুনৰ্জীৱনৰ প্ৰমাণ বিচাৰি পাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক