ছূৰা 36 · জুজ 23
Ya-Sin · 36:66
وَلَوْ نَشَاءُ لَطَمَسْنَا عَلَىٰ أَعْيُنِهِمْ فَاسْتَبَقُوا الصِّرَاطَ فَأَنَّىٰ يُبْصِرُونَ
আৰু আমি ইচ্ছা কৰিলে অৱশ্যে সিহঁতৰ চকুবোৰক লোপ কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰিলেও (কোনো কামত নাহিব) কাৰণ কেনেকৈনো দেখা পাব!
তাফছীৰ
আমি ইচ্ছা কৰিলে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰিব পাৰোঁ, তেতিয়া সিহঁতে একোৱেই দেখিবলৈ নাপাব। যেতিয়া সিহঁতে পুলচিৰাত পাৰ কৰিবলৈ দৌৰিব, যাতে পাৰ হৈ জান্নাত লাভ কৰিব পাৰে; তেতিয়া সিহঁতৰ বাবে সেইটো পাৰ কৰা অসম্ভৱ হ’ব। কিয়নো সিহঁতৰ দৃষ্টিশক্তি হৰণ হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক