ছূৰা 36 · জুজ 23
Ya-Sin · 36:65
الْيَوْمَ نَخْتِمُ عَلَىٰ أَفْوَاهِهِمْ وَتُكَلِّمُنَا أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُمْ بِمَا كَانُوا يَكْسِبُونَ
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।
তাফছীৰ
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, ফলত সিহঁত বোবা হৈ পৰিব। সিহঁতে কৰা কুফৰী আৰু গুনাহক অস্বীকাৰ কৰিব নোৱাৰিব। সিহঁতৰ হাতে আমাৰ লগত কথা ক’ব, পৃথিৱীত কি কি কাম কৰিছিল। সিহঁতৰ ভৰিয়েও সাক্ষ্য দিব, সিহঁতে কি কি গুনাহ কৰিবলৈ আগুৱাই গৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক