ছূৰা 36 · জুজ 23
Ya-Sin · 36:67
وَلَوْ نَشَاءُ لَمَسَخْنَاهُمْ عَلَىٰ مَكَانَتِهِمْ فَمَا اسْتَطَاعُوا مُضِيًّا وَلَا يَرْجِعُونَ
আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানত সিহঁতৰ আকৃতি পৰিবৰ্তন কৰি দিলোহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।
তাফছীৰ
যদি আমি সিহঁতৰ আকৃতি বিকৃত কৰিব বিচাৰোঁ তথা সিহঁতক ভৰি কোঁচাই বহোৱাব বিচাৰোঁ তেন্তে নিশ্চয় সিহঁতৰ আকৃতি বিকৃত কৰিব পাৰিম আৰু সিহঁতক ভৰিৰ ওপৰত বহোৱাবও পাৰিম। তেতিয়া সিহঁতে নিজ স্থানৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰিব। আগুৱাবও নোৱাৰিব, পিছৱাবও নোৱাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক