ছূৰা 35 · জুজ 22
Fatir · 35:9
وَاللَّهُ الَّذِي أَرْسَلَ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَسُقْنَاهُ إِلَىٰ بَلَدٍ مَيِّتٍ فَأَحْيَيْنَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا ۚ كَذَٰلِكَ النُّشُورُ
সেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰো, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰো। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।
তাফছীৰ
আল্লাহেই বতাহ প্ৰেৰণ কৰে। এই বতাহেই মেঘক সঞ্চালন কৰে। ইয়াৰ পিছত আমি সেই মেঘক এনেকুৱা ঠাই লৈ খেদি লৈ যাওঁ, যি ঠাইত কোনো উদ্ভিদ নাই। তথা সেই পানীৰে উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ। যিদৰে আমি উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ, ঠিক সেইদৰেই কিয়ামতৰ দিনা মৃত ব্যক্তিসকলক আমি পুনৰ্জীৱিত কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক