ছূৰা 35 · জুজ 22

Fatir · 35:10

مَنْ كَانَ يُرِيدُ الْعِزَّةَ فَلِلَّهِ الْعِزَّةُ جَمِيعًا ۚ إِلَيْهِ يَصْعَدُ الْكَلِمُ الطَّيِّبُ وَالْعَمَلُ الصَّالِحُ يَرْفَعُهُ ۚ وَالَّذِينَ يَمْكُرُونَ السَّيِّئَاتِ لَهُمْ عَذَابٌ شَدِيدٌ ۖ وَمَكْرُ أُولَٰئِكَ هُوَ يَبُورُ

যদি কোনোবাই সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু নেক আমলক তেওঁ ওপৰলৈ উঠায়। আৰু যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’বই।

তাফছীৰ

যি ব্যক্তিয়ে পৃথিৱী অথবা আখিৰাতত সন্মান কামনা কৰে তেওঁ আল্লাহৰ বাহিৰে আনৰ ওচৰত সন্মান কামনা কৰা উচিত নহয়। কাৰণ সন্মানৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। বান্দাৰ ভাল চৰ্চা তেওঁৰ ওচৰলৈকেই আৰোহণ কৰে আৰু বান্দাৰ সৎকৰ্মও তেওঁৰ ওচৰলৈ উঠি যায়। যিসকলে কুচক্ৰান্ত ৰচে, যেনে- ৰাছুলক হত্যা কৰাৰ ষড়যন্ত্ৰ- সিহঁতৰ বাবে আছে কঠিন শাস্তি। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ বিফল হ’ব। সিহঁতৰ কোনো উদ্দেশ্যই সফল নহ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক