ছূৰা 35 · জুজ 22

Fatir · 35:11

وَاللَّهُ خَلَقَكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ جَعَلَكُمْ أَزْوَاجًا ۚ وَمَا تَحْمِلُ مِنْ أُنْثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَمَا يُعَمَّرُ مِنْ مُعَمَّرٍ وَلَا يُنْقَصُ مِنْ عُمُرِهِ إِلَّا فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ

আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰ যোৰ কৰিছে। আল্লাহৰ অজ্ঞাতত কোনো নাৰীয়ে গৰ্ভ ধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এটা পুথিত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।

তাফছীৰ

আল্লাহেই তোমালোকৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক নাৰী আৰু পুৰুষৰূপে সৃষ্টি কৰিছে, যাতে পৰস্পৰক বিবাহ কৰিব পাৰা। যেতিয়াই কোনো নাৰীয়ে গৰ্ভ ধাৰণ কৰে, অথবা প্ৰসৱ কৰে বিষয়টো তেওঁ অৱগত থাকে। কোনো এটা বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁৰ সৃষ্টিৰ মাজৰ কাৰো আয়ু বৃদ্ধি হওক অথবা হ্ৰাস, সেইটো লিখা আছে লওহে মাহফুজত। এতেকে উক্ত বিষয়বোৰ অৰ্থাৎ প্ৰথমে মাটিৰে তোমালোকক সৃষ্টি কৰা আৰু তাৰ পিছত পৰ্যায়ক্ৰমে সৃষ্টি কৰা, লগতে লওহে মাহফুজত তোমালোকৰ আয়ু লিপিবদ্ধ থকা আদি বিষয়বোৰ আল্লাহৰ বাবে অতি সহজ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক