ছূৰা 35 · জুজ 22

Fatir · 35:8

أَفَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَاتٍ ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَصْنَعُونَ

কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।

তাফছীৰ

চয়তানে যাৰ পাপ কৰ্মক শোভনীয় কৰি উপস্থাপন কৰিছে আৰু সেই ব্যক্তিয়ে সেইটোক ভাল বুলি ধাৰণা কৰে। এনেকুৱা ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ'ব নোৱাৰে, যাৰ বাবে সত্যক আল্লাহে শোভনীয় কৰি দিছে আৰু তেওঁ সেইটোক ভাল বুলি ভাৱে। দৰাচলতে আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই। এতেকে হে ৰাছুল! আপুনি এই পথভ্ৰষ্টসকলৰ পথভ্ৰষ্টতাত চিন্তিত হৈ নিজকে বিনাশ নকৰিব। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক