ছূৰা 35 · জুজ 22
Fatir · 35:7
الَّذِينَ كَفَرُوا لَهُمْ عَذَابٌ شَدِيدٌ ۖ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ
যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।
তাফছীৰ
যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰি চয়তানৰ অনুসৰণ কৰিছে, সিহঁতৰ বাবে আছে কঠিন শাস্তি। আনহাতে যিসকলে সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত আৰু মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক