ছূৰা 35 · জুজ 22
Fatir · 35:6
إِنَّ الشَّيْطَانَ لَكُمْ عَدُوٌّ فَاتَّخِذُوهُ عَدُوًّا ۚ إِنَّمَا يَدْعُو حِزْبَهُ لِيَكُونُوا مِنْ أَصْحَابِ السَّعِيرِ
নিশ্চয় চয়তান তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এই কাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।
তাফছীৰ
হে মানৱজাতি! নিশ্চয় চয়তান হৈছে তোমালোকৰ চিৰস্থায়ী শত্ৰু। এতেকে তাক শত্ৰু বুলি গ্ৰহণ কৰি সদায় তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱা। প্ৰকৃততে চয়তানে তাৰ অনুসাৰীসকলক আল্লাহৰ কুফৰীৰ পিনে আহ্বান কৰে। যাতে কিয়ামতৰ দিনা সিহঁতে জ্বলন্ত জুইত প্ৰৱেশ কৰি অন্তিম পৰিণাম ভোগ কৰিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক