ছূৰা 35 · জুজ 22

Fatir · 35:44

أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ وَكَانُوا أَشَدَّ مِنْهُمْ قُوَّةً ۚ وَمَا كَانَ اللَّهُ لِيُعْجِزَهُ مِنْ شَيْءٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ ۚ إِنَّهُ كَانَ عَلِيمًا قَدِيرًا

আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈয়ো শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোৱে তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।

তাফছীৰ

কুৰাইশ্বৰ মাজৰ যিসকল লোকে আপোনাক অস্বীকাৰ কৰিছে, সিহঁতে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে সিহঁতে গম পালেহেঁতেন যে, পূৰ্বৱৰ্তী উম্মতৰ যিসকল লোকে অস্বীকাৰ কৰিছিল, সিহঁতৰ শেষ পৰিণতি কেনেকুৱা হৈছিল? সিহঁতৰ পৰিণতি বেয়া নাছিলনে? তথা সিহঁতক আল্লাহে ধ্বংস কৰা নাছিলনে? অথচ সিহঁত কুৰাইশ্বতকৈও অধিক শক্তিশালী আছিল।আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই আল্লাহৰ পৰা গোপন নহয়। নিশ্চয় তেওঁ এই অস্বীকাৰকাৰীসকলৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ আয়ত্তৰ বাহিৰত নহয় তথা গোপন নহয়। তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সিহঁতক ধ্বংস কৰিবলৈ সক্ষম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক