ছূৰা 35 · জুজ 22
Fatir · 35:43
اسْتِكْبَارًا فِي الْأَرْضِ وَمَكْرَ السَّيِّئِ ۚ وَلَا يَحِيقُ الْمَكْرُ السَّيِّئُ إِلَّا بِأَهْلِهِ ۚ فَهَلْ يَنْظُرُونَ إِلَّا سُنَّتَ الْأَوَّلِينَ ۚ فَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَبْدِيلًا ۖ وَلَنْ تَجِدَ لِسُنَّتِ اللَّهِ تَحْوِيلًا
পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তী বিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
তাফছীৰ
আল্লাহৰ শপত খাই সিহঁতে কৰা এই প্ৰতিশ্ৰুতিৰ উদ্দেশ্য সঠিক নাছিল। ইয়াৰ উদ্দেশ্য আছিল পৃথিৱীত অহংকাৰ কৰি ফুৰা আৰু মানুহক প্ৰবঞ্চনা কৰা। প্ৰকৃততে বেয়া চক্ৰান্তই একমাত্ৰ চক্ৰান্তকাৰীকহে ক্ষতি কৰে। এই অহংকাৰকাৰীসকলে তথা চক্ৰান্তকাৰীসকলে আল্লাহৰ প্ৰতিষ্ঠিত নীতিৰ অপেক্ষাত আছে নেকি, অৰ্থাৎ সেই ধ্বংসৰ অপেক্ষাত আছে নেকি, যিদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা হৈছিল। অহংকাৰীসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত আপুনি আল্লাহৰ নীতিত কোনো ধৰণৰ পৰিবৰ্তন নাপাব। তেওঁ কেতিয়াও সিহঁতক শাস্তি নিদিয়াকৈ এৰি নিদিব। আপুনি আল্লাহৰ এই নীতিত কোনো ওলট-পালটো নাপাব যে, সিহঁতৰ স্থানত বেলেগক শাস্তি বিহিব। কিয়নো এইটো আল্লাহৰ প্ৰতিষ্ঠিত নীতি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক