ছূৰা 35 · জুজ 22
Fatir · 35:42
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ جَاءَهُمْ نَذِيرٌ لَيَكُونُنَّ أَهْدَىٰ مِنْ إِحْدَى الْأُمَمِ ۖ فَلَمَّا جَاءَهُمْ نَذِيرٌ مَا زَادَهُمْ إِلَّا نُفُورًا
আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰত সতৰ্ককাৰী আহিল, তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে,
তাফছীৰ
এই অস্বীকাৰকাৰী কাফিৰসকলে দৃঢ় শপত খাই কৈছিল যে, যদি আল্লাহে তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ সিহঁতৰ ওচৰলৈ কোনো ৰাছুল প্ৰেৰণ কৰে, তেন্তে সিহঁত ইয়াহুদী আৰু খৃষ্টানসকলতকৈও অধিক সঠিক পথত পৰিচালিত হ’ব তথা সত্যৰ অনুসৰণ কৰি দেখুৱাব। কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হ’ল, তথা সিহঁতক তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিলে, ফলত তেওঁৰ আগমনত সিহঁত আৰু অধিক সত্যৰ পৰা আঁতৰি গ’ল, লগতে বাতিলৰ লগত মিলিত হ’ল। এতেকে সিহঁতে পূৰ্বৱৰ্তী লোকসকলতকৈ অধিক সঠিক পথত থকাৰ যি দৃঢ় অঙ্গীকাৰ কৰিছিল, সেই দৃঢ় অঙ্গীকাৰৰ ওপৰত সিহঁতে প্ৰতিষ্ঠিত থাকিব নোৱাৰিলে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক