ছূৰা 35 · জুজ 22

Fatir · 35:41

۞ إِنَّ اللَّهَ يُمْسِكُ السَّمَاوَاتِ وَالْأَرْضَ أَنْ تَزُولَا ۚ وَلَئِنْ زَالَتَا إِنْ أَمْسَكَهُمَا مِنْ أَحَدٍ مِنْ بَعْدِهِ ۚ إِنَّهُ كَانَ حَلِيمًا غَفُورًا

নিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।

তাফছীৰ

নিশ্চয় আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক আয়ত্তত ৰাখিছে, যাতে স্থানচ্যুত নহয়। ধৰি লোৱা হ’ল, যদি স্থানচ্যুত হয় তেন্তে আল্লাহৰ বাহিৰে আন কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে। তাওবাকাৰী বান্দাসকলৰ প্ৰতি তেওঁ অত্যন্ত ক্ষমাশীল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক