ছূৰা 35 · জুজ 22
Fatir · 35:40
قُلْ أَرَأَيْتُمْ شُرَكَاءَكُمُ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ أَرُونِي مَاذَا خَلَقُوا مِنَ الْأَرْضِ أَمْ لَهُمْ شِرْكٌ فِي السَّمَاوَاتِ أَمْ آتَيْنَاهُمْ كِتَابًا فَهُمْ عَلَىٰ بَيِّنَتٍ مِنْهُ ۚ بَلْ إِنْ يَعِدُ الظَّالِمُونَ بَعْضُهُمْ بَعْضًا إِلَّا غُرُورًا
কোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছো নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক তেওঁৰ অংশীদাৰ স্থাপন কৰি উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, সেইবোৰে পৃথিৱীৰ কোনটো বস্তু সৃষ্টি কৰিছে? সিহঁতে এই পৰ্বতবোৰ সৃষ্টি কৰিছে নেকি? নে এই নদীসমূহ সৃষ্টি কৰিছে? নে ইয়াত থকা জীৱ-জন্তুবোৰ সৃষ্টি কৰিছে? অথবা আকাশমণ্ডল সৃষ্টি কৰাৰ ক্ষেত্ৰত সিহঁতে আল্লাহক সহায় কৰিছে নেকি? নাইবা সিহঁতক আমি এনেকুৱা কোনো গ্ৰন্থ প্ৰদান কৰিছোঁ নেকি, য’ত এইবোৰক অংশী কৰি ইবাদত কৰা বিষয়টোক অনুমোদন দিয়া হৈছে? নিশ্চয় এইবোৰৰ এটাৰো ভিত্তি নাই। দৰাচলতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে ইজনে সিজনক প্ৰবঞ্চনামূলক প্ৰতিশ্ৰুতি দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক