ছূৰা 35 · জুজ 22
Fatir · 35:39
هُوَ الَّذِي جَعَلَكُمْ خَلَائِفَ فِي الْأَرْضِ ۚ فَمَنْ كَفَرَ فَعَلَيْهِ كُفْرُهُ ۖ وَلَا يَزِيدُ الْكَافِرِينَ كُفْرُهُمْ عِنْدَ رَبِّهِمْ إِلَّا مَقْتًا ۖ وَلَا يَزِيدُ الْكَافِرِينَ كُفْرُهُمْ إِلَّا خَسَارًا
তেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।
তাফছীৰ
হে মানৱজাতি! তেৱেঁই তোমালোকক প্ৰজন্ম আকাৰে সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু ৰাছুলে লৈ অহা বাৰ্তাক অগ্ৰাহ্য কৰিব, সেই কুফৰীৰ গুনাহ আৰু শাস্তি সি নিজেই ভোগ কৰিব। তাৰ কুফৰীয়ে তাৰ প্ৰতিপালকৰ একো ক্ষতি কৰিব নোৱাৰিব। কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে প্ৰতিপালকৰ ওচৰত কেৱল ক্ৰোধহে বৃদ্ধি কৰে। লগতে কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে ক্ষতিগ্ৰস্ততাহে বৃদ্ধি কৰিব। কিয়নো সিহঁতে সেই জান্নাতৰ পৰা বঞ্চিত থাকিব, যিখন আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰিছিল, যদি সিহঁত ঈমান আনিলেহেঁতেন!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক