ছূৰা 35 · জুজ 22
Fatir · 35:45
وَلَوْ يُؤَاخِذُ اللَّهُ النَّاسَ بِمَا كَسَبُوا مَا تَرَكَ عَلَىٰ ظَهْرِهَا مِنْ دَابَّةٍ وَلَٰكِنْ يُؤَخِّرُهُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۖ فَإِذَا جَاءَ أَجَلُهُمْ فَإِنَّ اللَّهَ كَانَ بِعِبَادِهِ بَصِيرًا
আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি যাব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
তাফছীৰ
যদি আল্লাহে মানুহৰ গুনাহ তথা পাপকৰ্মৰ ভিত্তিত লগে লগে শাস্তি বিহিলেহেঁতেন, তেন্তে এতিয়াই পৃথিৱীবাসীক আৰু সিহঁতৰ ধন-সম্পদৰ লগতে সিহঁতৰ জীৱ-জন্তুবোৰক ধ্বংস কৰিলেহেঁতেন। কিন্তু আল্লাহে সিহঁতক এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিছে, অৰ্থাৎ কিয়ামতলৈকে। এতেকে যেতিয়া কিয়ামত আহিব (তেতিয়া সিহঁতৰ কোনো ৰক্ষা নাই)। জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সৰ্বদ্ৰষ্টা। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। ভাল হ’লে ভাল প্ৰতিদান পাব, আৰু বেয়া হ’লে বেয়া প্ৰতিদান পাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক