ছূৰা 34 · জুজ 22
Saba · 34:45
وَكَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ وَمَا بَلَغُوا مِعْشَارَ مَا آتَيْنَاهُمْ فَكَذَّبُوا رُسُلِي ۖ فَكَيْفَ كَانَ نَكِيرِ
সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলো, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!
তাফছীৰ
পূৰ্বৱৰ্তী উম্মতবোৰেও অস্বীকাৰ কৰিছিল, উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। আপোনাৰ সম্প্ৰদায়ৰ মুশ্বৰিকসকলে শক্তি-সামৰ্থ, ধন-সম্পদ আৰু জনবলৰ তুলনাত পূৰ্বৱৰ্তী উম্মতৰ দহ ভাগৰ এভাগতো উপনীত হ'ব পৰা নাই। সিহঁতেও নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু সিহঁতৰ ধন-সম্পদ, শক্তি-সামৰ্থ আৰু জনবলে একো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত মোৰ শাস্তিয়ে সিহঁতক ধ্বংস কৰিছিল। এতেকে হে ৰাছুল! ভাৱি চাওক আপুনি, মোৰ শাস্তি আৰু মোৰ প্ৰতিক্ৰিয়া সিহঁতৰ ওপৰত কেনেকুৱা আছিল!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক