ছূৰা 34 · জুজ 22

Saba · 34:46

۞ قُلْ إِنَّمَا أَعِظُكُمْ بِوَاحِدَةٍ ۖ أَنْ تَقُومُوا لِلَّهِ مَثْنَىٰ وَفُرَادَىٰ ثُمَّ تَتَفَكَّرُوا ۚ مَا بِصَاحِبِكُمْ مِنْ جِنَّةٍ ۚ إِنْ هُوَ إِلَّا نَذِيرٌ لَكُمْ بَيْنَ يَدَيْ عَذَابٍ شَدِيدٍ

কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছো, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ উঠি থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।

তাফছীৰ

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকক এটা উপদেশ দিওঁ, তোমালোকে নিজৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণৰ পৰা আঁতৰি আল্লাহৰ ওৱাস্তে এজন এজন বা দুজন দুজনকৈ থিয় হোৱা আৰু তোমালোকৰ নবীৰ চৰিত্ৰ সম্পৰ্কে তেওঁৰ বিবেক, সত্যতা আৰু আমনতদাৰিতাক লৈ চিন্তা-চৰ্চা কৰাচোন, তেতিয়া এই কথা স্পষ্ট হৈ পৰিব যে, তেওঁ কোনো উন্মাদ নহয়। তেওঁ তোমালোকক কঠিন শাস্তিৰ পৰা সতৰ্কহে কৰে, যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰি আল্লাহৰ পিনে উভতি নাহা তেন্তে নিশ্চয় সেই শাস্তিত পতিত হ'বা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক