ছূৰা 34 · জুজ 22

Saba · 34:43

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالُوا مَا هَٰذَا إِلَّا رَجُلٌ يُرِيدُ أَنْ يَصُدَّكُمْ عَمَّا كَانَ يَعْبُدُ آبَاؤُكُمْ وَقَالُوا مَا هَٰذَا إِلَّا إِفْكٌ مُفْتَرًى ۚ وَقَالَ الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ

আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।

তাফছীৰ

যেতিয়া এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ সন্মুখত আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, যিবোৰৰ মাজত কোনো ধৰণৰ সন্দেহ নাই, তেতিয়া সিহঁতে কয়ঃ এই মানুহজনে যি লৈ আহিছে, এওঁ দৰাচলতে তোমালোকক তোমালোকৰ আজোককাসকলৰ ধৰ্মৰ পৰা আঁতৰাব বিচাৰে। সিহঁতে এই কথাও কয় যে, এই কোৰআনখন হৈছে মিছা, ইয়াক সি নিজেই ৰচনা কৰি আল্লাহৰ গ্ৰন্থ বুলি প্ৰচাৰ কৰি আছে। আনহাতে নাস্তিকসকলৰ ওচৰত যেতিয়া এই কোৰআন আহি পালে তেতিয়া সিহঁতে ক'লেঃ এইখন হৈছে স্পষ্ট যাদু, যিয়ে স্বামী-স্ত্ৰীৰ মাজত আৰু পিতা-পুত্ৰৰ মাজত বিচ্ছেদ ঘটায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক