ছূৰা 34 · জুজ 22

Saba · 34:42

فَالْيَوْمَ لَا يَمْلِكُ بَعْضُكُمْ لِبَعْضٍ نَفْعًا وَلَا ضَرًّا وَنَقُولُ لِلَّذِينَ ظَلَمُوا ذُوقُوا عَذَابَ النَّارِ الَّتِي كُنْتُمْ بِهَا تُكَذِّبُونَ

‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম, ‘তোমালোকে যি অগ্নি শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।

তাফছীৰ

হিচাপ-নিকাচ তথা হাচৰৰ দিনা উপাস্যবোৰে সেইসকল লোকক কোনো ধৰণৰ উপকাৰো কৰিব নোৱাৰিব আৰু অপকাৰো কৰিব নোৱাৰিব, যিসকলে সিহঁতক পৃথিৱীত উপাসনা কৰিছিল। কুফৰ আৰু পাপকৰ্মত লিপ্ত হৈ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছিল আমি সিহঁতক সম্বোধন কৰি কম যে, পৃথিৱীত তোমালোকে যি শাস্তিক অস্বীকাৰ কৰিছিলা, সেই শাস্তিৰ আজি সোৱাদ লোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক