ছূৰা 34 · জুজ 22
Saba · 34:41
قَالُوا سُبْحَانَكَ أَنْتَ وَلِيُّنَا مِنْ دُونِهِمْ ۖ بَلْ كَانُوا يَعْبُدُونَ الْجِنَّ ۖ أَكْثَرُهُمْ بِهِمْ مُؤْمِنُونَ
তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিন বিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিন বিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।
তাফছীৰ
ফিৰিস্তাসকলে ক’বঃ (হে আল্লাহ!) তুমি নিৰঞ্জন তথা পৱিত্ৰ। তুমিয়ে আমাৰ অভিভাৱক তথা সংৰক্ষক, আন কোনো নহয়। আমাৰ আৰু ইহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বৰং এই মুশ্বৰিকসকলে চয়তানকহে পূজা পাঠ কৰিছিল। চয়তানে ইহঁতৰ সন্মুখত ফিৰিস্তাৰ ৰূপ ধাৰণ কৰি আহিছিল, ফলত ইহঁতে আল্লাহক এৰি চয়তানৰ উপাসনা কৰিছিল। প্ৰকৃততে ইহঁতৰ অধিকাংশই তাৰ প্ৰতি বিশ্বাস পোষণ কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক