ছূৰা 34 · জুজ 22
Saba · 34:28
وَمَا أَرْسَلْنَاكَ إِلَّا كَافَّةً لِلنَّاسِ بَشِيرًا وَنَذِيرًا وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো; কিন্তু অধিকাংশ মানুহেই নাজানে।
তাফছীৰ
হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক