ছূৰা 34 · জুজ 22

Saba · 34:27

قُلْ أَرُونِيَ الَّذِينَ أَلْحَقْتُمْ بِهِ شُرَكَاءَ ۖ كَلَّا ۚ بَلْ هُوَ اللَّهُ الْعَزِيزُ الْحَكِيمُ

কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।

তাফছীৰ

হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোকো দেখুৱাচোন সেই উপাস্যবোৰ, যিবোৰক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছা, তথা ইবাদতত তেওঁৰ অংশী কৰি লৈছা। নহয়, কদাপিও নহয়। বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ধাৰণা কৰিছা যে, আল্লাহৰো অংশী আছে। বৰং আল্লাহ সেইজন, যিজন মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক