ছূৰা 34 · জুজ 22
Saba · 34:26
قُلْ يَجْمَعُ بَيْنَنَا رَبُّنَا ثُمَّ يَفْتَحُ بَيْنَنَا بِالْحَقِّ وَهُوَ الْفَتَّاحُ الْعَلِيمُ
কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।
তাফছীৰ
আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে কিয়ামতৰ দিনা আমাক আৰু তোমালোকৰ আটাইকে একত্ৰিত কৰিব। তাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সত্যক অসত্যৰ পৰা স্পষ্টকৈ পৃথক কৰিব। তেৱেঁই বিচাৰক, যিয়ে ন্যায় সহকাৰে বিচাৰ কৰে। তেওঁ উচিত মীমাংসা সম্পৰ্কে সৰ্বজ্ঞ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক