ছূৰা 34 · জুজ 22
Saba · 34:17
ذَٰلِكَ جَزَيْنَاهُمْ بِمَا كَفَرُوا ۖ وَهَلْ نُجَازِي إِلَّا الْكَفُورَ
সেই শাস্তি আমি সিহঁতক দিছিলো সিহঁতৰ কুফৰীৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ।
তাফছীৰ
এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে, সিহঁতে কুফৰী কৰিছিল আৰু নিয়ামতসমূহৰ পৰা বিমুখ হৈ অকৃতজ্ঞ হৈছিল। এই কঠিন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে কুফৰী কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক