ছূৰা 34 · জুজ 22
Saba · 34:16
فَأَعْرَضُوا فَأَرْسَلْنَا عَلَيْهِمْ سَيْلَ الْعَرِمِ وَبَدَّلْنَاهُمْ بِجَنَّتَيْهِمْ جَنَّتَيْنِ ذَوَاتَيْ أُكُلٍ خَمْطٍ وَأَثْلٍ وَشَيْءٍ مِنْ سِدْرٍ قَلِيلٍ
তথাপিও সিহঁত অবাধ্য হ’ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলো বান্ধ-ভঙ্গা ঢলপানী আৰু সিহঁতৰ উদ্যান দুটাক পৰিবৰ্তন কৰি দিলো এনেকুৱা দুটা উদ্যানত, য’ত উৎপন্ন হয় তিতা-কেহা ফলমূল, ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
তাফছীৰ
তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞ হোৱাৰ পৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হৈছিল। ফলত আমি সিহঁতৰ সেই নিয়ামতসমূহক শাস্তিলৈ ৰূপান্তৰিত কৰিছিলোঁ। তথা সিহঁতৰ ওপৰত সংহাৰী জলপ্ৰলয় প্ৰেৰণ কৰিছিলোঁ। যি বানে সিহঁতৰ মথাউৰি ধ্বংস কৰিছিল আৰু সিহঁতৰ খেতি-পথাৰ বুৰাই পেলাইছিল। লগতে সিহঁতৰ সেই বাগান দুখনক এনেকুৱা বাগানত পৰিণত কৰিছিলোঁ, যিয়ে তিক্ত আৰু কেহেটা ফল প্ৰদান কৰিছিল। লগতে তাত আছিল কিছুমান ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক