ছূৰা 34 · জুজ 22

Saba · 34:15

لَقَدْ كَانَ لِسَبَإٍ فِي مَسْكَنِهِمْ آيَةٌ ۖ جَنَّتَانِ عَنْ يَمِينٍ وَشِمَالٍ ۖ كُلُوا مِنْ رِزْقِ رَبِّكُمْ وَاشْكُرُوا لَهُ ۚ بَلْدَةٌ طَيِّبَةٌ وَرَبٌّ غَفُورٌ

নিশ্চয় ছাবাৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাস ভূমিত আছিল এটা নিদৰ্শন, দুটা উদ্যান, এটা সোঁফালে আৰু এটা বাওঁ ফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল ৰব।

তাফছীৰ

ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক