ছূৰা 34 · জুজ 22

Saba · 34:14

فَلَمَّا قَضَيْنَا عَلَيْهِ الْمَوْتَ مَا دَلَّهُمْ عَلَىٰ مَوْتِهِ إِلَّا دَابَّةُ الْأَرْضِ تَأْكُلُ مِنْسَأَتَهُ ۖ فَلَمَّا خَرَّ تَبَيَّنَتِ الْجِنُّ أَنْ لَوْ كَانُوا يَعْلَمُونَ الْغَيْبَ مَا لَبِثُوا فِي الْعَذَابِ الْمُهِينِ

এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰালে মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিলে তেতিয়াহে জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলেহেঁতেন।

তাফছীৰ

কিন্তু যেতিয়া আমি ছুলাইমানৰ মৃত্যু চূড়ান্ত কৰিছিলোঁ, তেতিয়াও জিনসকলে একো গ'ম পোৱা নাছিল, সিহঁতে গ'ম পাইছিল সেইবোৰ কীটৰ মাধ্যমত, যিবোৰে ছুলাইমানে ভৰ কৰি থকা লাখুটিডালক খাই আছিল। এতেকে যেতিয়া তেওঁ মাটিত বাগৰি পৰিল, তেতিয়াহে জিনসকলে বুজি পালে যে, সিহঁতে গায়েব সম্পৰ্কে একো নাজানে। যদি সিহঁতে গায়েব সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় এই লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ হৈ নাথাকিলহেঁতেন। অৰ্থাৎ সেই কঠিন কামবোৰ ধাৰাবাহিকভাৱে নকৰিলেহেঁতেন, যিবোৰ সিহঁতে ছুলাইমান আলাইহিচ্ছালামক জীৱিত বুলি ভাৱি কৰি আছিল। সিহঁতে ভাৱিছিল যে, ছুলাইমান আলাইহিচ্ছালামে সিহঁতক দেখি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক