ছূৰা 34 · জুজ 22

Saba · 34:13

يَعْمَلُونَ لَهُ مَا يَشَاءُ مِنْ مَحَارِيبَ وَتَمَاثِيلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُورٍ رَاسِيَاتٍ ۚ اعْمَلُوا آلَ دَاوُودَ شُكْرًا ۚ وَقَلِيلٌ مِنْ عِبَادِيَ الشَّكُورُ

সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ কিছু সংখ্যকহে কৃতজ্ঞ!’

তাফছীৰ

এই জিনসকলে ছুলাইমানে বিচৰা সকলো বস্তু নিৰ্মাণ কৰিছিল। যেনে- চালাতৰ বাবে মছজিদ নিৰ্মাণ, অট্টালিকা, তথা তেওঁ বিচৰা দৃশ্যৰ ছবি, জলাশয় সদৃশ বৃহদাকাৰৰ পানী থোৱাৰ পাত্ৰ, লগতে সুদৃঢ়ভাৱে স্থাপিত সহজে লৰাব নোৱাৰা ৰন্ধন-পাত্ৰ নিৰ্মাণ কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ, হে দাঊদ-পৰিয়াল! আল্লাহে তোমালোকৰ ওপৰত যিবোৰ উপকাৰ কৰিছে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। কাৰণ মোৰ উপকাৰৰ বহুত কম সংখ্যক লোকেই কৃতজ্ঞতা প্ৰকাশ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক