ছূৰা 34 · জুজ 22
Saba · 34:12
وَلِسُلَيْمَانَ الرِّيحَ غُدُوُّهَا شَهْرٌ وَرَوَاحُهَا شَهْرٌ ۖ وَأَسَلْنَا لَهُ عَيْنَ الْقِطْرِ ۖ وَمِنَ الْجِنِّ مَنْ يَعْمَلُ بَيْنَ يَدَيْهِ بِإِذْنِ رَبِّهِ ۖ وَمَنْ يَزِغْ مِنْهُمْ عَنْ أَمْرِنَا نُذِقْهُ مِنْ عَذَابِ السَّعِيرِ
আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলো যিটো ৰাতি পুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলি এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলো আৰু এনে কিছুমান জিনক তেওঁৰ আনুগত কৰি দিছিলো যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।
তাফছীৰ
বতাহক আমি দাঊদৰ পুত্ৰ ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ। পুৱাৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু সন্ধিয়াৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে তামৰ সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। তথা এনেকুৱা কিছুমান জিনক আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিসকলে নিজ প্ৰতিপালকৰ আদেশত তেওঁৰ সন্মুখত কাম কৰিছিল। জিনসকলৰ মাজৰ যিয়েই আমাৰ আদেশৰ পৰা বিমুখ হ’ব, আমি তাক জ্বলন্ত অগ্নিৰ শাস্তি উপভোগ কৰাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক