ছূৰা 34 · জুজ 22
Saba · 34:11
أَنِ اعْمَلْ سَابِغَاتٍ وَقَدِّرْ فِي السَّرْدِ ۖ وَاعْمَلُوا صَالِحًا ۖ إِنِّي بِمَا تَعْمَلُونَ بَصِيرٌ
(এই নিৰ্দেশ দি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা; আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।
তাফছীৰ
হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তুত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তুত কৰাৰ সময়ত) পেঁচ-গজালবোৰ ইমান পাতলকৈ নবনাবা যিবোৰ ফুটাত খাপ নাখায়, আৰু ইমান মোটাকৈ নবনাবা যিবোৰ ফুটাত নোসোমায়। তথা সৎকৰ্ম কৰি যোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়। শীঘ্ৰেই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক